অসমউত্তৰ পূৰ্বাঞ্চলকথোপকথনগুৱাহাটীৰাজনীতিশিক্ষাশেহতীয়াসাম্প্ৰতিক

হিন্দু বাংলাদেশীক লৈ চলিছে ভোটবেংকৰ ৰাজনীতি

আছুতীয়া কথোপকথনত আছুৰ সভাপতি দিপাংক কুমাৰ নাথ।

‘সৰ্বাৰ চৰকাৰখনে অসম বিৰোধী কাম কৰি গৈছে’

উজ্জ্বল বৰা

গুৱাহাটী, ২৩ আগষ্টঃ

অসমৰ পৰীক্ষা পদ্ধতিৰ লগতে শিক্ষাক্ষেত্ৰৰ আমূল সংস্কাৰৰ অতি প্ৰয়োজন।ছেবাৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ পাঠ্যক্ৰম, পৰীক্ষা পদ্ধতি, নম্বৰ প্ৰদানৰ পদ্ধতি আদিৰ সামঞ্জস্য বা মিল নাই। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ স্পষ্ট নীতিৰ অভাৱৰ ফল ভোগ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে।–এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথৰ। ‘এই গুৱাহাটী’-ৰে এক আছুতীয়া কথোপকথনত আছুৰ সভাপতিজনে এই গুৰুত্বপূৰ্ণ মন্তব্য দি কয় যে প্ৰশ্নকাকতৰ বাৰে পাছি ভূল, শিক্ষকৰ নিযুক্তিত অনিয়ম, সময়মতে ফলাফল নিদিয়া, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম হোৱা আদি বিভিন্ন কাৰকৰ বাবে শিক্ষা প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ বাবে এক ‘মানসিক নিৰ্য্যাতনত’হে পৰিণত হৈছে।

অসমৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ শেহতীয়া কাম-কাজত খুবেই অসন্তুষ্টি প্ৰকাশ কৰি ছাত্ৰ নেতাজনে কয় যে শাসনৰ গাদীত বহাৰ দিন ধৰি কিছুমান বেয়া কথাৰ তালিকা বনাই লৈ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে ইটোৰ পিছত সিটো অসম বিৰোধী কাম কৰি গৈছে।তৈলখাদ বিক্ৰী, হিন্দু বাংলাদেশীক বৰপীৰা পৰা, বাংলাদেশক মাটি দিয়া, নতুন শিক্ষা নীতি আদি সকলোতে মাথোঁ চৰকাৰখনে আসোঁৱাহেই কৰি গৈছে। ‘বিদ্যালয় প্ৰাদেশিকীকৰণ, ল’ৰা আৰু ছোৱালী বিদ্যালয় লগ লগোৱা কাৰ্য আদি সকলোতে চৰকাৰৰ সিদ্ধান্ত অসমৰ স্বাৰ্থৰ পৰিপন্থী’।–তেওঁ কয়।

আছুৰ সভাপতিজনৰ মতে বৰ্তমান অসমৰ প্ৰধান সমস্যা হ’ল বিদেশী নাগৰিকত্বৰ ইচ্ছুটো। হিন্দু বাংলাদেশীক লৈ সকলো ৰাজনৈতিক দলেই ভোটবেংকৰ ৰাজনীতি কৰা বুলিও নাথে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই ক্ষেত্ৰত আছুৱে উচ্চতম ন্যায়ালয়ত দুটা গোচৰ তৰাৰ কথাও তেওঁ অৱগত কৰে। তেওঁৰ বিশ্বাস ন্যায়ালয়ে এইক্ষেত্ৰত উচিত ৰায় দি অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব।

ইপিনে শেহতীয়াকৈ দেশত হিন্দুত্ববাদী আৰু বাওঁপন্থীসকলৰ সংঘাতৰ প্ৰসংগত আছুৰ সভাপতি দিপাংক নাথৰ ভাষ্য হ’ল-‘ইতিহাসৰ পৰা গম পোৱা যায় যে কোনো বাদ বা ইজিমে কেতিয়াও কোনো দেশৰ স্বাৰ্থ ৰক্ষা নকৰে। সচাঁ অৰ্থত জাতি বা দেশৰ বাবে কাম কৰাত বাদ বা ইজিমবোৰে বাধাহে দিছে।এনেকুৱা ধৰণৰ তথাকথিত বাদ বা ইজিমৰ আশ্ৰয় লৈ কিছুমান মানুহে অতি বেয়া কাম কৰি আছে।এইবোৰে দেশৰ উন্নয়নত বাধা দিছে। সৰ্বোপৰি এইবোৰে দেশৰ সংহতিও বিনাশ কৰিছে’।

আনহাতে, উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীক ব্যৱসায়িক হাব কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ এক সুচিন্তিত পৰিকল্পণাৰ অভাৱৰ কথা দোহাৰে আছুৰ সভাপতিজনে।এইক্ষেত্ৰত ৰাইজৰ মতামতক প্ৰাধান্য দিয়া উচিত বুলিও তেওঁ কয়।

comments

টেগ
Show More

Related Articles

Close