অসম

কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদে কপাল জয়মতী পথাৰ

প্ৰতিবাদ কাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰ::: অখিল গগৈক গ্ৰেপ্তাৰ

তেজপুৰ:জাতি মাটি আৰু ভেটিৰ শ্লোগান দি শাখনলৈ অহা পৰিৱৰ্তনৰ চৰকাৰ খনৰ কাম কাজে ক্ৰমাৎ জনসাধাৰণৰ চকু কপালত তুলিছে।ন্যায় প্ৰাপ্তিৰ বাবে গণতান্ত্ৰিক ভাবে প্ৰতিবাদ কৰাও যেন এক অপৰাধ এইখন চৰকাৰৰ দৃষ্টিত তাকেই পুনৰ প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগে। বনাঞ্চলত খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান,পাৱাৰ গ্ৰীডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ দাবীত আজি তেজপুৰৰ জয়মতী পথাৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়িতোলে। প্ৰতিবাদ স্থলীত কৃষক নেতা অখিল গগৈ উপস্থিত থাকি চৰকাৰ খনৰ কাম কাজক চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰি কয় হিমন্ত বিশ্ব শৰ্মাৰ পাখি গজিছে।তেওঁৰ মূৰৰ বিকৃতি ঘটা বাবে আবোঁল তাবোল বকিছে।হিমন্ত ক এতিয়া পগলা ফাটেকলৈ নিব লাগে।ইফালে প্ৰতিবাদ কৰিৰ আন্দোলন তীব্ৰ হয় উঠাত প্ৰতিবাদ কাৰীৰ ওপৰত আৰক্ষীয়ে লাঠী ছালন কৰে।ইয়াৰো পৰি কৃষক নেতা অখিল গগৈক বৰ্বৰ ভাবে আক্ৰমণ কৰি চুচৰাই টানি নিয়ে।লগতে তেওঁ ব্যবহাৰ কৰা বলেৰ বাহনখনো আৰক্ষীয়ে জব্দ কৰ।

comments

Show More

Related Articles

Close