ৰাজনীতি

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদ মেল

হিমন্তই নিজকে অসমীয়া বুলি কবলৈ লাজ পাই:গগৈ :::সৰ্বাক পুতলা মুখ্যমন্ত্ৰী আখ্যা তৰুণ গগৈৰ

গুৱাহাটী:নগাওঁত সংঘটিত খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ আক্ৰমণৰ ঘটনা আৰু অসমীয়াৰ ভোটাৰে নহয় ভাৰতীয়ৰ ভোটেৰে বিজেপি শাসনলৈ অহা বুলি মন্তব্য কৰা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্যৰে কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।মহানগৰীৰ কইনাধৰাত অনুষ্ঠিত এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় হিমন্তই এতিয়া নিজকে অসমীয়া বুলি কবলৈ লাজ পায়।হিমন্তই কৈছে তেওঁলোকে হেনো অসমীয়াৰ ভোটেৰে শাসনলৈ অহা নাই।ভাৰতীয়ৰ ভোটেৰে শাসনলৈ আহিছে।তেনেহলে বিজেপি ক ভোট দিয়া গুৱাহাটী, জালুকবাৰী,যোৰহাটৰ মানুহ খিনি অসমীয়া নহয় নেকি।এনেকুৱা কথা কবলৈ হিমন্তই কত সাহক পালে।অসমত অসমৰ প্ৰভুত্ব থাকিবই লাগিব। অমিত শ্বাহৰ সাহসত হিমন্তই এনে কৰিছে। হিমন্ত আলফা ছালফা সকলো।এতিয়াও আলফাৰ নামত ধনদাবীৰ অভিযোগ আছে হিমন্তৰ নামত।ইয়াৰো পৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো পুতলা মুখ্যমন্ত্ৰী আখ্যা দি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ৰাজ্যত এতিয়া আইন শৃংখলা সকলো নাইকিয়া হব ধৰিছে।এতিয়া সকলোকে আৰ এছ এছে নচুৱাই আছে।আৰু সৰ্বানন্দ হিমন্ত নাচি আছে।পুনৰাই কয় ,নগাওঁ কাণ্ড কৰা সকলে কত সাহস পালে ।কেৱল বিজেপি ৰ নেতা সকলৰ বাবে এই সুযোগ পাইছে।সোনোৱালে এই সমূহ কঠোৰ ভাবে দমন কৰিব পাৰিব লাগিছিল। এইখন এখন জনজাতি বিৰোধী চৰকাৰ ।মুখ্যমন্ত্ৰী নিজেই এগৰাকী জনজাতি লোক হোৱাৰ পিছতো আমচাং ৰ জনজাতীয় মানুহ খিনিক কিয় উচ্ছেদ কৰিছে বুলি প্ৰশ্ন কৰে। পুনৰাই গগৈয়ে কয় হিমন্তই মোৰ মুখ বন্ধ কৰিবলৈ মানহানিৰ গোচৰ দিছে ।কিন্তু সোনোৱালে লুইছ বাৰ্জৰ কেলেংকাৰী ৰ তদন্ত নিদিয়ে কিয়।এসময়ত সৰ্বাই নিজে লুইছ বাৰ্জৰ কেলেংকাৰীৰ তদন্ত বিচাৰিছিল।এতিয়া কিয় তদন্ত নিদিয়ে।এফালে মুখ্যমন্ত্ৰী সর্বা নে হিমন্ত বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

comments

Show More

Related Articles

Close