অসমগুৱাহাটীৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়সাম্প্ৰতিক

মহানগৰীৰ কলাক্ষেত্ৰৰ বাকৰিত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সমাৰোহ।

উপস্থিত বিশিষ্ট কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী

অসম চৰকাৰে বিশেষ নীতি গ্ৰহণ কৰিছে শিপিনীৰ সহায়ৰ বাবে।প্ৰধানমন্ত্ৰীয়ে অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাই, ৩ বছৰৰ পৰা উত্তৰ-পূবত প্ৰতি ১৫ দিনত এজনকৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰেৰণ কৰাৰ ফলত আমি লাভান্বিত হৈছো।’এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।মহানগৰীৰ শ্ৰী মন্ত কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় হস্ততাত দিৱসত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাৰোহৰ আহ্বায়ক অজয় তামতা,পৰ্যটন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত দত্ত ,সাংসদ প্ৰদান বৰুৱা।ইফালে দেওবাৰে নিশা NSUI কৰ্মীয়ে সাংবাদিকক প্ৰহাৰ কৰা ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।

comments

Show More

Related Articles

Close