অসম

খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গঠন হব নৰ্থ ইষ্ট ইণ্ডিজেনিয়াঁছ পিপলছ ফৰাম

আলফাৰ পৰা পৃথক হব এই ফৰাম :অনুপ চেতিয়া

গুৱাহাটী:বিগত দিন ধৰি খিলঞ্জীয়া সকলৰ সুৰক্ষা কেন্দ্ৰিক বিতৰ্কৰ নগাওঁ কাণ্ডৰ চঞ্চল্য মাৰ নৌ যাওঁতে আজি উত্তৰ পূবৰ জনজাতি সমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে নৰ্থ ইষ্ট ইণ্ডিজেনিয়াছ পিপলছ ফৰাম গঠনৰ কথা ঘোষণা কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ।মহানগৰীত অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে চেতিয়াই।আলফাৰ সাঃ সম্পাদক অনুপ চেতিয়াই ফৰাম গঠনৰ সম্পৰ্কত কয় যে জনজাতিসমূহৰ সমস্যা সমাধানৰ বাবে এই ফ’ৰাম গঠন কৰা হব। ফৰাম গঠনৰ উদ্দেশ্য সম্পৰ্কে ৬-৭ ছেপ্টেম্বৰত উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ দুজনকৈ প্ৰতিনিধি উপস্থিত থকাৰ লগতে প্ৰতিটো জনজাতি সংগঠনৰ লোক আৰু বিশিষ্ট নাগৰিকৰ উপস্থিতিত এই সভা অনুষ্ঠিত হব ।আলফাৰ পৰা সম্পূৰ্ণ পৃথক নীতি আদৰ্শৰে এই ফৰাম গঠন হব বুলি উল্লেখ কৰে চেতিয়াই।ইয়াৰোপৰি ৰাজ্যত সৃষ্টি হোৱা সমস্যা সমূহ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাধান কৰাৰ মত কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।ইফালে নগাওঁ ৰ কাণ্ডক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰদান কৰা মন্তব্যক সমালোচনা কৰি সহস্ৰ জনগণক একগোট হবলৈ আহ্বান জনায়। আনহাতে উক্ত সভাত মুখ্য অতিথি হিচাপে শ্ৰী শ্ৰী ৰবিশঙ্কৰ উপস্থিত থাকিব বুলি মত প্ৰকাশ কৰে চেতিয়াই।

comments

Show More

Related Articles

Close