অসমশেহতীয়া

কৃষকৰ বাবে সুখবৰ কঢ়িয়াই আনিলে ধেমাজিৰ নৱজিত ভৰালীয়ে

ধেমাজি,২৪ আগষ্ট: ১৩ টা চমৎকাৰী উদ্ভাৱনেৰে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ধেমাজিৰ যুৱক নৱজিত ভৰালীয়ে পুনৰ এটা কম ওজনৰ স্প্ৰে মেচিন আবিষ্কাৰ কৰি উলিয়াইছে আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এতিয়া কোনো কৃষকে পিঠিত ১০-১৫ কিলোগ্ৰাম ওজনৰ স্প্ৰে মেচিন লৈ ফুৰিব নালাগে। কেৱল ৫ কিলোগ্ৰাম ওজনৰ ৰাইফলৰ দৰে দেখা এই মেচিনৰ দ্বাৰাই অতি সহজতে খেতি পথাৰত ঔষধ বা পানীৰ স্প্ৰে কৰিব পাৰিব যাৰ দামো কেৱল ৩০০ টকা। ভৰালীয়ে জানিব দিয়া মতে, ইয়াক ব্যৱহাৰ কৰা অতি সহজ আৰু পিঠিত লৈ ফুৰাৰো প্ৰয়োজন নাই। কেৱল এডাল পাইপ আৰু এটা ডাঙৰ পাত্ৰৰ সহায়ত ইয়াক ব্যৱহাৰ কৰিব পাৰি। এই আবিষ্কাৰে কৃষক সমাজত যথেষ্ট সহায় কৰাৰ লগতে তেওঁলোকৰ কষ্ট লাঘৱ কৰিব বুলি তেওঁ আশাবাদী।

comments

Show More

Related Articles

Close