অসমগুৱাহাটীৰাজনীতি

নায্য প্ৰাপ্তিৰ দাবীত জনজাতীয় সমন্বয়ৰক্ষী সমিতিৰ উত্তাল প্ৰতিবাদ।

চৰকাৰে ডব্লিউ পি টি ,বি চি বিভাগে জাৰি কৰা নিৰ্দেশনা শীঘ্ৰে সংশোধন কৰক:প্ৰতিবাদ কৰি

ষ্টাফ:পৰিবৰ্তনৰ শ্লোগানৰে ৰাজ্যৰ শাসন ভাৰ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে ৰাজ্যৰ জনজাতীয় সংগঠন সমূহ। বিজেপি চৰকাৰ খনে শাসন ভাৰ দখল কৰা দিনৰে পৰা ৰাজ্যৰ ভৈয়াম আৰু পিছপৰা শ্ৰেণীৰ লোক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ট্ৰাইবেল বেল্টৰ পৰা বেদখল উচ্ছেদৰ লগতে বৰাক উপত্যকাৰ ৫৪৭টা নিয়মীয়া শিক্ষকৰ পদ সংৰক্ষণমুক্ত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ১৩ টাকৈ জনজাতি সংগঠন সম্বলিত অসমৰ জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সহস্ৰ লোকে তীব্ৰ প্ৰতিবাদ কৰে।ইয়াৰো পৰি ডব্লিউ পি টি আৰু বি চি বিভাগে জাৰি কৰা নিৰ্দেশনা সংশোধন কৰি বিশেষ নিয়োগ আঁচনিৰ জৰিয়তে ১২,১৫৫টা বেকলগ পদ পূৰণ কৰাৰ দাবী কৰাৰ লগতে ট্ৰেইবেল বেল্ট আৰু ব্লকৰ পৰা সন্দেহ যুক্ত নাগৰিক ,অবৈধ বেদখলকাৰিক উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে ৰচনা কৰা ব্লুপ্ৰিন্ট বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে । উল্লেখযোগ্য ৰাজ্যৰ জনজাতীয় লোক সকলৰ প্ৰতিবাদী কণ্ঠক গুৰুত্ত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে খনে শিঘ্ৰে কাৰ্যকৰী হোৱাকৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হব।

comments

Show More

Related Articles

Close