বিনোদনশেহতীয়া

সবাতোকৈ অধিক উপাৰ্জনকাৰী অভিনেতাৰ তালিকাত বলিউডৰ তিনি তাৰকা

নিউজ ডেক্স,২৪ আগষ্ট: ফ’ৰ্বছৰ সবাতোকৈ অধিক উপাৰ্জনকাৰীৰ তালিকাত শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান, ছলমান খান আৰু অক্ষয় কুমাৰে। তিনিউজন অভিনেতাই ক্ৰমে অষ্টম,নৱম আৰু দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। হলীউদৰ অভিনেতা মাৰ্ক ৱালবাৰ্গে ৬৮ মিলিয়ন মাৰ্কিন ডলাৰেৰে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। ৩৮ মিলিয়ন ডলাৰেৰে অষ্টম স্থানত শ্বাহৰুখ খান, ৩৭ মিলিয়ন ডলাৰেৰে নবম স্থানত ছলমান খান আৰু ৩৫.৫ মিলিয়ন ডলাৰেৰে দশম স্থানত অক্ষয় কুমাৰে স্থান লাভ কৰি সুখবৰ কঢ়িয়াই আনিছে। ফ’ৰ্বছে জানিবলৈ দিয়া মতে ২০১৬ চনৰ ১ জুনৰ পৰা ১২ মাহৰ সময়ছোৱাত অভিনেতাসকলৰ উপাৰ্জনৰ তথ্য সংগ্ৰহ কৰি এই তালিকা প্ৰস্তুত কৰা হয়।

comments

Show More

Related Articles

Close