অসম

গুৱাহাটীত প্ৰজ্ঞা প্ৰতিভা সন্ধানী বঁটা

ৰাজ্যৰ ১৪গৰাকী ব্যক্তিলৈ প্ৰজ্ঞা প্ৰেৰণা বঁটা

গুৱাহাটী:অগ্ৰণী সামাজিক ,সাংস্কৃতিক লগতে শিক্ষামূলক সংগঠন পিপল ফ্ৰেণ্ড ফাউণ্ডেশ্যনৰ উদ্যোগত আজি ৰাজ্যৰ ১২ জন প্ৰসিদ্ধ ব্যৱসায়িক তথা বিশিষ্ট সমাজ সেৱক ক্ৰমে মনোজ বসুমতাৰী,দিলীপ বৰুৱা,পৱন কুমাৰ আগৰৱালা,নেলী আহমেদ,সঞ্জীৱ নাৰায়ণ,বিষ্ণুৰাম নুনিচা, গোপাল জালান, কিশোৰ দাস,অনিল ডেকাৰ লগতে বাণী কলিতাক প্ৰজ্ঞা প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।ইয়াৰো পৰি পিপল ফ্ৰেণ্ড ফাউণ্ডেচনৰ উদ্যোগত বিগত কিছু দিন পূৰ্বে অনুষ্ঠিত হোৱা প্ৰজ্ঞা প্ৰতিভা সন্ধানী পৰীক্ষাৰ বিজয়ী ছাত্ৰ ছাত্ৰী সকলোকো বিশেষ পুৰস্কাৰৰে সন্মানিত কৰা হয়।লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত মডেল বিধান সভা অনুষ্ঠিত কৰি প্ৰাৰ্থী সকলক অনুপ্ৰাণিত কৰে।উক্ত অনুষ্ঠানটি সুন্দৰ ভাবে পৰিচালনা কৰাত সহায় কৰে জ্যেষ্ঠ সাংবাদিক ভূপেন ভট্টাচাৰ্যই।আনহাতে উক্ত অনুষ্ঠানতে গ্ৰীণ তক নামৰ বাৰ্ষিক আলোচনী খন ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী য়ে উন্মোচন কৰাৰ লগতে eiguwahati.com news পৰ্টেল টু উন্মোচন কৰে উদ্যোগ পতি পৱন কুমাৰ আগৰৱালা ই।

comments

Show More

Related Articles

Close