বিনোদনশেহতীয়া

পুনৰ বিতর্কত নাহিদ আফ্ৰিন

ফেচবুকত অশালীন ভিডিঅ': পিতৃয়ে তৰিলে গোচৰ

বিশ্বনাথ চাৰিআলি,২১ আগষ্ট: জনপ্ৰিয় টিভি অনুষ্ঠান ‘ইণ্ডিয়ান আইডল’ৰ প্ৰথম ৰানাৰআপ তথা বৰ্তমান অসমৰ এগৰাকী সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিনৰ বিৰুদ্ধে ফেচবুক আৰু হোৱাটছ এপত অপপ্ৰচাৰ চলাইছে কিছু লোকে। কিছু দিন পূৰ্বে ফেচবুকত এটা অশ্লীল ভিডিঅ’ প্ৰচাৰিত হৈছিল। সেই ভিডিঅ’ত অশালীন কাৰ্যত লিপ্ত ছোৱালী জনী নাহিদ বুলি দাবী কৰে কিছু দুষ্টলোকে। সেইবাবে নাহিদৰ পিতৃ আৰক্ষীৰ কাষ চাপে। ৰাহুল বৰা নামৰ এজন লোকে নাহিদৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ লগতে নাহিদ অসমীয়া নহয় বুলি মন্তব্য কৰে। তাৰ পাছতেই বহু লোকে বহু ধৰণৰ মন্তব্য কৰে নাহিদৰ বিৰুদ্ধে। এই সকলো খবৰ ফেচবুকত পোৱাৰ পাছত নাহিদৰ পিতৃ আনোৱাৰ আনছাৰীয়ে এজাহাৰ দাখিল কৰে আৰু কয় যে তেওঁৰ কন্যাৰ জীৱন নাশ কৰিবলৈ কিছু লোকে বহুদিনৰ পৰাই এনেদৰে অপপ্ৰচাৰ চলাই আহিছে।বিশ্বনাথ আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৭ (এ) ধাৰাৰ অধীনত ২২৩/১৭ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

comments

Show More

Related Articles

Close