গুৱাহাটী

পুনৰ যান জঁটত মহানগৰী

খালি দেখা গল মহানগৰীৰ বিভিন্ন ট্ৰেফিক পইণ্ট

গুৱাহাটী, ১৭ আগষ্ট: ১৫ আগষ্টৰ ঢৌ মাৰ নাযাওঁতেই পুনৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ ট্ৰেফিক পইণ্টসমূহ খালি দেখা গল। যাৰ ফলত পুনৰ যান জঁটৰ সমস্যাত জুৰুলা হব লগা হল সাধাৰণ ৰাইজ। বিশেষকৈ মহানগৰীৰ এক ব্যস্ত পথ ৰিজাৰ্ভ বেংকৰ সন্মুখত দেখা গল তীব্ৰ যান জঁট। দিনৰ এক বজাৰ পিছতো উপস্থিত নহল ট্ৰেফিক পুলিচ, ফলত সমস্যাত পৰে সাধাৰণ ৰাইজ। বহু সময় ধৰি ৰৈ থাকিবলগীয়া হোৱাৰ ফলত  জনতাই নিজেই যান জঁট ঠিক কৰিবলৈ চেষ্টা কৰে।

 

comments

Show More

Related Articles

Close