অসমগুৱাহাটীৰাজনীতিশেহতীয়াসাম্প্ৰতিক

দীনদয়াল প্ৰসংগঃ অসম গণ পৰিষদৰ বিপৰীত স্থিতি

file photo

গুৱাহাটী, ১২ আগষ্টঃ অসমত নতুনকৈ স্থাপন কৰিবলগীয়া মহাবিদালয়সমূহৰ নামাকৰণ দীনদয়াল উপাধায়ৰ পৰিৱতে অসমৰ জাতীয় জীৱনৰ পুৰোধা বক্তিসকলৰ নামত কৰিবলৈ আহ্বান জনাইছে অসম গণ পৰিষদ দলে।

যোৱা শণিবাৰে এক সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই কয় যে, অসমৰ সমাজ জীৱনৰ প্ৰতি প্ৰভূত বৰঙণি আগবঢ়োৱা প্ৰসিদ্ধ বৰেণ বক্তি পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, লক্ষীনাথ বেজবৰুৱা, ছৈয়দ আব্দুল মালিক, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, আনম্দৰাম বৰুৱা, পদ্মনাথ গোহা বৰুৱা, হেমচন্দ বৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ আদিৰ নামত নামাকৰণ কৰা হলে প্ৰকৃতপক্ষত এই পুৰোধা বক্তিসকলক সন্মান জনোৱা হব। অগপই এই পুৰোধা বক্তিসকলৰ নামত মহাবিদালয়সমূহৰ নামাকৰণ হোৱাটো বিচাৰে।

দীনদয়াল প্ৰসংগত চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদৰ বিপৰীত স্থিতিয়ে স্বাভাৱিকতেই বিশেষ গুৰুত্ব বহন কৰিছে।

comments

টেগ
Show More

Related Articles

Close