অসমগুৱাহাটীশিক্ষাশেহতীয়া

অহা ২৩ আগষ্টত বিপিন পাল দাস সোঁৱৰণী মডেল বিধানসভা আৰু প্ৰতিভা সন্ধানী বটাঁ প্ৰদান

পিপলছ ফ্ৰেণ্ড ফাউেণ্ডছনৰ বানপানীৰ সাহাৰ্য প্ৰদান

গুৱাহাটী, ১৭ আগষ্টঃ অগ্ৰণী সামাজিক, সাংস্কৃতিক, শিক্ষামূলক অনুষ্ঠান পিপলছ ফ্ৰেণ্ড ফাউণ্ডেছনে অসমত সম্প্ৰতি চলি থকা বানপানীৰ সংহাৰী  ৰূপৰ বাবে  প্ৰায় ৬০ হাজাৰ টকাৰ সামগ্ৰী অলপতে  ষ্টেণ্ড ফৰ এনভাইৰেমন্ট প্ৰটেকছনৰ জড়িয়তে মায়ঙ, কাজিৰঙা, গহপুৰ, ধেমাজী, দেৰগাওঁ আদি অঞ্চলত বিতৰণ কৰে । ইয়াৰ বাবে প্ৰজ্ঞা প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ প্ৰাইজমানীৰ পৰিমাণৰ কিছু সাল সলনি কৰা  ৈহছে।

পিপলছ ফ্ৰেণ্ড ফাউণ্ডেছনে  বিগত কেইমাহমানৰ আগতে অনুিষ্ঠত কৰা প্ৰজ্ঞা প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আৰু এনভাইৰ আৰ্ট প্ৰতিযোগিতাৰ বটাঁসমূহ অহা ২৩ আগষ্টত গুৱাহাটীৰ বিৱেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হব। তদু্পৰি উক্ত দিনা  নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুিষ্ঠত কৰা হব বিপিন পাল দাস সোঁৱৰণী মডেল বিধানসভা । অনুষ্ঠানত কিছু বিশিষ্ট লোকৰে ছাত্ৰ-ছাত্ৰীৰ আলাপো অনুিষ্ঠত হব।

লগতে, পৰিৱেশ সম্পৰ্কীয় স্মৰণিকা গ্ৰীণ টক- উক্ত অনুষ্ঠানতে উন্মোচন কৰা হব।

comments

টেগ
Show More

Related Articles

Close