উত্তৰ পূৰ্বাঞ্চল

১৭,৯৭২ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে ১৮ টা নতুন নদীবান্ধ নিৰ্মাণৰ প্ৰস্ততি

২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পন্ন কৰিব লক্ষ্য

গুৱাহাটী, ১৭ আগষ্টঃ বিদ্যুত শক্তি উৎপাদনেৰে উত্তৰ-পূৰ্বৰ লগতে দেশক শক্তিশালী কৰাৰ শ্ল’গানেৰে কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত ১৮ টা নতুন বৃহৎ নদী বান্ধৰ প্ৰকল্পৰ কাম হাতত লৈছে। জলসম্পদ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জীব কুমাৰ বালিয়ানে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত ১৭,৯৭২ মেগাৱাট উৎপাদন মতা সম্পন্ন ১৮ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ যো-যা চলাইছে। এই বৃহৎ নদীবান্ধৰ ভিতৰত আছে ২৮৮০ মেগাৱাটৰ দিবাং জলবিদ্যুত প্ৰকল্প, ৩০৮৭ মেগাৱাটৰ ইটালিন জলবিদ্যুত প্ৰকল্প, নামনি ছিয়াংৰ ২৭০০ মেগাৱাটৰ প্ৰকল্প, কালাই-২ ৰ ১২০০ মেগাৱাট আৰু ১০০০ মেগাৱাটৰ ছিয়ম আৰু নেইঙৰ বৃহৎ নদীবান্ধ প্ৰকল্প। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নদীবান্ধৰ কাম শীঘ্ৰে আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পন্ন কৰিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰে।

comments

Show More
Close