অসমগুৱাহাটীৰাজনীতিসাম্প্ৰতিক

খানাপাৰাত কেন্দ্ৰীয় ভাবে স্বাধীনতা দিৱস পালন

বিদেশী মুক্ত অসম গঢ়াত আমি বদ্ধ পৰিকৰ:মুখ্যমন্ত্ৰী

গুৱাহাটী:  মঙলবাৰে অসম চৰকাৰৰ উদ্যোগত মহানগৰীৰ খানাপাৰাত দেশৰ ৭১ তম স্বাধীনতা দিৱস কেন্দ্ৰীয় ভাবে পালন কৰা হয়। কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতীয় পতাকা উত্তোলন কৰি মুক্তিযোদ্ধালৈ শ্ৰদ্ধা নিবেদন জনোৱাৰ লগতে দেশৰ সীমাৰ সুৰক্ষাত যিয়ে বলিদান দিলে তেওঁলোকলৈও শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতা দিৱসৰ প্ৰকমুহূৰ্তত বানত ডুব যোৱা অসম বাসীৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সোনোৱালে কয়,‘বানত মৃত্যু-ক্ষতি হোৱাসকলৰ দুখত সমভাগী হৈছো, শিশুৰ অন্তৰত জগাব লাগিব দেশপ্ৰেমৰ ভাৱ আমি তাৰ বাবেই বিগত বৰ্ষৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, স্বামী দীনদয়াল উপাধ্যায়ৰ মানৱতাবাদক স্মৰণ। পুনৰাই তেওঁ কয়,‘জনতাৰ আস্থাৰ সৈতে আমি অগ্ৰসৰ হৈছোঁ, কেন্দ্ৰই উত্তৰ–পূবক গুৰুত্ব প্ৰদান কৰিছে, এখন দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদ মুক্ত, প্ৰদুষণ–বিদেশী মুক্ত অসম গঢ়াত আমি বদ্ধপৰিকৰ, দুৰ্নীতিৰ ক্ষেত্ৰত আমি শূণ্য সহনশীলতাৰে কাম কৰিছো, অসমৰ ৰাইজ।

অসম চুক্তি আৰু এন আৰ চি ৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি পদক্ষেপ লৈছোঁ, NRCৰ ক্ষেত্ৰতো আমি অগ্ৰগতি লাভ কৰিছো, আমি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি গৈছো, ভাৰত–বাংলা সীমান্ত ছীল কৰাৰ বাবে উদ্যোগ লৈছোঁ, অসম আন্দোলনৰ শ্বহীদৰ সন্মানাৰ্থে উদ্যান হ’ব, বান-খহনীয়াৰ স্থায়ী সমাধানত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ।’– এই পদক্ষেপক কৃতজ্ঞতা মুখ্যমন্ত্ৰী সোণোৱালৰ। পুনৰাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,‘আমি এতিয়া আৰ্থিকভাৱে স্বচ্ছল, বৃদ্ধি পাইছে ৰাজহ, নমামী ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ নমামী বৰাক পতাৰ সিদ্ধান্ত লৈছোঁ, ঢলা-শদিয়া দলং আমাৰ অন্যতম সফলতা, ব্ৰহ্মপুত্ৰত আঠখন আৰু বৰাকত তিনিখন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছোঁ, ১ লাখ নিবনুৱাক ১ লাখকৈ ঋণ দিয়াৰ সিদ্ধান্ত লৈছো।’

comments

Show More

Related Articles

Close