ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গুলী বাৰুদেৰে কাশ্মীৰ সমস্যা সমাধান কৰিব নোৱাৰি

সন্ত্ৰাসবাদৰ সৈতে যুঁজিবলৈ ভাৰতৰ সৈতে সকলো দেশ আগুৱাই আহিছে:প্ৰধানমন্ত্ৰী

নতুন দিল্লী:সুদীৰ্ঘ কাল ধৰি অনুসৰণ কৰি অহা সংযত আৰু নমনীয় নীতি পৰিহাৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰ খনে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি অটুট ৰাখিছে। আওপকীয়াকৈ পাকিস্তানক সকীয়নি প্ৰদান কৰাৰ লগতে দেশ বাসীক উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৭১ তম দেশৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি কয় যে, দেশৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব। আমি যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু। ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে সমগ্ৰ বিশ্বই ভাৰতৰ দৃষ্টিভংগী অনুধাৱন কৰিলে। সন্ত্ৰাদবাদৰে যুঁজিবলৈ ভাৰতৰ সৈতে সকলো দেশেই আগুৱাই আহিছে। বুলেট, গুলী-বাৰুদেৰে কাশ্মীৰ সমস্যা সমাধান কৰিব নোৱাৰি। আমি কাশ্মীৰৰ সমস্যাৰ প্ৰতি সংবেদনশীল, নিজৰ ভাষণত মন্তব্য প্ৰধানমন্ত্ৰীগৰাকী।

comments

Show More

Related Articles

Close