ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

ত্যাগ তপস্যা দেশ উন্নয়নৰ মূল মন্ত্ৰ:নৰেন্দ্ৰ মোদী দেশ বাসী ক চলতে হ্যৈ মনোভাব এৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

নতুন দিল্লী:দুৰ্নীতি গ্ৰস্ত সকলৰ বিষয়ে আপোচবিহীন স্থিতি ভৱিষ্যতওঁ তুংগত ৰখাৰ ইংগিত প্ৰদান কৰি আজি লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যকালৰ চতুৰ্থবাৰৰ বাবে জাতীয় পত্কা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যে ভাষণ প্ৰদান কৰে।দেশৰ ৭১ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, নতুন ভাৰত হব লাগিব এখন নতুন ভাৰত ।আমি সৃষ্টি কৰিব লাগিব নতুন ভাৰতৰ ।১২৫কোটি সাধাৰণ জনতাই নহয় ।চলতে হ্যে মনোভাব ত্যাগ কৰিব লাগিব।আজি দেশত সততাৰ পৰ্ব আৰম্ভ হৈছে।দেশত দুৰ্নীতি গ্ৰস্থ সকলৰ টোপনি নহা হৈছে।সম্প্ৰতি ৮০০ কোটি বেনামি সম্পত্তি বাজেয়প্ত কৰা হৈছে।বিমুদ্ৰকৰণৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ,বিমুদ্ৰকৰনে চৰকাৰৰ পুঁজি লৈ বৃহৎ পৰিমাণৰ ধনৰ বৰঙণি যোগাইছে।এতিয়াও ১.৭৫ লাখ কোটি কলা ধনৰ অনুসন্ধান চলি থকাৰ লগতে বেংকত জমা হৈছে ২ লাখ কোটি কলা ধন।প্ৰধান মন্ত্ৰী গৰাকীয়ে জি এছ টি ৰ কথা উল্লেখ কৰি কয় যে জি এছ টি য়ে পৰিৱৰ্তন আনিছে সমগ্ৰ দেশত।সমগ্ৰ দেশবাসী একেলগে আগুৱাই যাব ধৰিছে।সম্প্ৰতি জি এছ টি ৰ বাবে প্ৰত্যাহাৰ হল বহু চেকগত।যাৰ বাবে দেশত ৩০% পৰিবহণ ব্যয় হ্ৰাস হৈছে।ত্যাগ তপস্যা দেশ উন্নয়নৰ মূল মন্ত্ৰ বুলি উল্লেখ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

comments

Show More

Related Articles

Close