ফেচবুকত সচেতন চিন্তা

আত্মহত্যাক লৈ ফেচবুকত গুৰুত্ত্বপূৰ্ণ মন্তব্য

দিব্য জ্যোতি : জীৱন এক সংগ্ৰামী পথ।কুৰুক্ষেত্ৰ ৰ ৰণনত কৈ কঠিন জীৱন অতিবাহিত কৰাৰ পথ।কিন্তু এই যুদ্ধত হাৰ মানি যি সকলে আত্মহত্যা কৰিছে সেয়া এক নিকৃষ্ট কাণ্ড।কিয়নো সমাজ খনত ভাল দৰে চকু ফুৰাই চালে বিভিন্ন ধৰণৰ মানুহ দেখা পাওঁ ।তাৰ পাছতো তেওঁ লোকৰ অব্যাহত আছে জীৱন সংগ্ৰাম।যাক লৈ বহুজন অনুপ্ৰাণিত হয়।শেহতীয়া কৈ ৰাজ্যত আত্মহত্যা ৰ দৰে ঘটনা বৃদ্ধি পাব ধৰিছে।বিশেষ কৈ মুকেশ পাণ্ডেৰ দৰে এজন শিক্ষিত ব্যক্তিৰ আত্মহত্যাৰ পিছতেই দেশ বাসীৰ মাজত এক চৰ্চাৰ সৃষ্টি কৰে।সচেতন মহলত আত্মহত্যাৰ দৰে ঘটনা কেন্দ্ৰিক চৰ্চা চলি থকাৰ সময়তে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে ফেচবুকৰ যোগেদি কেতবোৰ গুৰুত্ত্বপূৰ্ণ মন্ত্যব প্ৰদান কৰিছে।সাংবাদিক চক্ৰৱৰ্তীৰ পৰিচালনাত এক ব্যক্তিগত চেনেলত প্ৰচাৰিত ‘আকাশ চুবৰ মন’ নামৰ মানৱ সমাজক অনুপ্ৰাণিত কৰা অনুষ্ঠানৰ জৰিয়তে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।তেওঁ উল্লেখ কৰিছে যে আকাশ চুবৰ মন যদি মুকেশ পাণ্ডেই চালেহেতেন তেন্তে তেওঁৰ মনত আত্মহত্যা ৰ প্ৰৱণতা নাজাগিলহেঁতেন।আত্মহত্যা জীৱনৰ শৈলী হব নোৱাৰে ।এনে মৃতুৱে জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্যক কলংকৃত কৰে।

comments

Show More
Close