গুৱাহাটী

গুৱাহাটীক মলমুক্ত চহৰ হিচাপে ঘোষণা

গুৱাহাটী: ৰাজ্যৰ মূল দুৱাৰ স্বৰূপ তথা ৰাজ্যৰ ৰাজধানী গুৱাহাটীক আজিৰে পৰা মলমুক্ত চহৰ হিচাপে ঘোষণা কৰিলে গুৱাহাটী পৌৰ নিগমে। মহানগৰীৰ উজান বজাৰ স্থিত পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে মেয়ৰ মৃগেন শৰণীয়াই। সংবাদ মেলত গুৱাহাটী বাসীক উদ্দেশ্যে ,মৃগেন শৰণীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। মহানগৰ খনিক মলমুক্ত হিচাপে গঢ়ি তোলাত ৰাইজৰ সহযোগিতা কামনা কৰে শৰণীয়াই।
বিশেষ পদক্ষেপ সমূহ ……..
১.উপযুক্ত স্থানতহে পেলাব লাগিব আৱৰ্জনা

২.অন্য স্থানত পেলালে ভৰিব লাগিব জৰিমনা

৩.জাবৰ নিষ্কাষণৰ বাবেও বিশেষ পদক্ষেপ GMCৰ

৪. ১ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে জাবৰ নিষ্কাষণৰ ব্যৱস্থা

৫.ইয়াৰ বাবে ৫৬টা NGOক প্ৰদান কৰিব দায়িত্ব

comments

Show More

Related Articles

Close