অসম

বানৰ কালৰূপ:চৌদিশে হাহাকাৰ

নিহত ২৭ ,সন্ধানহীন১০

এই গুৱাহাটী ব্যুৰু:ৰাজ্যত বানৰ মহাপ্ৰলয়।বিগত কেইদিন মানৰ পৰা অব্যাহত থকা মুষালধাৰ বৰষুণৰ ফলত ৰাজ্য জুৰি সৃষ্টি হৈছে মহাপ্লাৱন ।ব্ৰহ্মপুত্ৰ কে ধৰি ৰাজ্যৰ কেইবাখনো নদী উপনদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে।উজনিৰ পৰা নামনিলৈ চলিত বৰ্ষৰ দ্বিতীয়টো ভয়াৱহ বানত এইপৰ্যন্ত ২৭জনৰ মৃত্যু হোৱাৰ লগতে নিখোজ ১০জনৰো অধিক। আনহাতে প্ৰাপ্ত তথ্য অনুসৰি বানৰ কবলত ২১খন জিলাৰ ২৩লাখ লোক পৰাৰ লগতে ৪৩৯টা চৰকাৰী শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।আনহাতে চলিত বৰ্ষৰ দ্বিতীয় টু বানে মধ্য অসমত কালৰূপ ধাৰণ কৰা বুলি জানিব পৰা গৈছে। ইফালে প্রলঙ্কাৰি বানৰ বাবে এন এফ ৰেলৱে‌ দুৰনিবতীয়া ৰেল সমূহৰ চলাচল বন্ধ কৰি দিয়ে।

comments

Show More

Related Articles

Close