ৰাজনীতি

‘স্বাধীনতা দিৱস ৩দিনীয়াকৈ আয়োজন কৰাটো উচিত সিদ্ধান্ত নহয়’ :প্ৰফুল্ল কুমাৰ মহন্ত

ষ্টাফ : ৰাজ্যত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস , সোণোৱাল চৰকাৰ খনে তিনিদিনীয়াকৈ আয়োজন কৰাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন মহলত কুচকাৱাজ অব্যাহত থকাৰ সময়তে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰে।সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয় যে ,স্বাধীনতা দিৱস তিনিদিনীকৈ আয়োজন কৰাটো উচিত সিদ্ধান্ত নহয়।এই সময়ত ৰাজ্যত এক ভয়াবহ পৰিস্থিতি ৰ সৃষ্টি হৈছে।স্বাধীনতা দিৱস তিনিদিনীকৈ আয়োজন কৰাত কৈ বানাক্ৰান্তক গুৰুত্ব দিয়ক।আনহাতে বানাক্ৰান্ত ৰাইজক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা সোণোৱাল চৰকাৰ খনক ক্ষুৰ ধাৰ সমালোচনা কৰাৰ লগতে বানাক্ৰান্তক তাৎক্ষণিক ভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

comments

Show More

Related Articles

Close