সম্পাদকলৈ চিঠি

যুৱ প্ৰজন্মৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী আৰু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত যুৱ সংগঠনৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই

buljit
আমি যিকোনো কাম যোগাত্মক দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰা উচিত । যোগাত্মক দৃষ্টিভংগীৰে চাবলৈ শিকিলে জীৱনৰ যাত্রা পথত বিভিন্ন কামত যে সফল হ’ব পাৰি সেই কথা অভিভাৱক সকলে যুৱক-যুৱতীসকলক সৰু কালৰ পৰা বুজাই দিলে ভাল হয় । এটা কথা লক্ষ্য কৰিলে দেখা যায় যে বহুতে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্রতিষ্ঠান তথা আনৰ বেয়াতোহে দেখা পায় আৰু বিয়োগাত্মক সমালোচনা কৰি থাকে। এনে লাগে যেন তেওঁলোকৰ প্রধান কাম হ’ল বেলেগৰ বদনাম গোৱা । সেইচামে কিন্তু নিজে কেতিয়াও কোনো ভাল কাম কৰি পোৱা নাই। সেইচামে বেলেগক অকল বিয়োগাত্মক সমালোচনা কৰি থকাৰ সলনি , তেওঁলোকে নিজেও ভাল কাম কৰি সমাজৰ আগত দেখুৱালে ভাল হয় । কিন্তু সেইচামে বেলেগৰ ভাল গুণবোৰৰ কথা ভুলতো কেতিয়াও কাৰো আগত আলোচনা নকৰে ।  সেইদৰে আৰু এচাম আছে, যিসকলে নেকি এনেকুৱা দেখুৱায় যেন তেওঁলোকেহে সকলো জানে , তেওঁলোকেহে ভাল কামবোৰ কৰিব পাৰে আৰু বেলেগে একো নাজানে তথা বেলেগে ভাল কামবোৰ কৰিব নোৱাৰে । আমি ভাবোঁ , কাৰোবাৰ বেয়া গুণ দেখিলে যোগাত্মক ভাৱে সমালোচনা কৰি গঠনমূলক পৰামৰ্শ দিলে ভাল হয়। লগতে কোনোবাই ভাল কাম কৰিলে প্রশংসা কৰিলে ভাল হয় । তেতিয়া ভাল কাম কৰা সকলে আৰু ভাল কাম কৰিবলৈ উৎসাহিত হ’ব।

ভাল খবৰবোৰ যিমান পাৰি সিমান ৰাইজৰ মাজত বিলাব লাগে। কোনো যুৱক-যুৱতীয়ে সমাজৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা বৰঙণিৰ বাবে যথাযোগ্য স্বীকৃতি দিবলৈ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰ আগ বাঢ়ি আহিলে ভাল হয়।

কাকত তথা আলোচনীবোৰে সমাজৰ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ বৰঙণি আগবঢ়োৱা যুৱক-যুৱতীসকলৰ সাক্ষাৎকাৰ তথা তেওঁলোকে কৰি থকা কামবোৰৰ বিষয়ে যিমান পাৰি সিমান প্রকাশ কৰা ব্যৱস্থা কৰিলে ভাল হয়।

ৰেডিঅ’ তথা টিভি চেনেলবোৰেও সমাজৰ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ বৰঙণিৰ আগবঢ়োৱা যুৱক-যুৱতীসকলক লৈ অনুষ্ঠান কৰা কথা ভাবি চাব পাৰে।

বছৰৰ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে ৰাজ্যখনৰ সকলো ঠাইতে সভা-সমিতি অনুষ্ঠিত হৈ থাকে। বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি থকা আয়োজকসকলে সভাৰ বিভিন্ন কার্যসূচীৰ লগতে এনে এটা কার্যসূচী ৰখাৰ কথা ভাবিব পাৰে য’ত নেকি যি অঞ্চলত সভা-সমিতি অনুষ্ঠিত হয় সেই অঞ্চলৰ বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা যুৱক-যুৱতীসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিয়ে। এইদৰে সভা-সমিতিবোৰত সেই যুৱক-যুৱতীসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিলে তেওঁলোক অনুপ্রাণিত হ’ব ।

অন্যহাতেদি, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্র যেনে : শিক্ষা জগত, ৰাজনৈতিক জগত, সাহিত্য চর্চা, সাংবাদিকতা, সঙ্গীত, নাটক, চিত্র-ভাস্কর্য্য, ক্রীড়া জগত, বিজ্ঞান চর্চা, কৃষি আদিলৈ অৰিহণা যোৱা যুৱক-যুৱতীৰ অভিনন্দন গ্রন্থ প্রকাশ কৰা কথা ভাবি চাব পাৰে । তেতিয়া সেই যুৱক-যুৱতীসকলে দুগুণ উৎসাহে কাম কৰিবলৈ অনুপ্রেৰণা পাব বুলি আশা কৰিছোঁ, এই বিষয়ে অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনবোৰে মন দিব।

এইখিনিতে এটা উল্লেখ কৰা ভাল হ’ব যে অসমৰ বহুতো যুৱক-যুৱতীয়ে ৰাজ্যখনত তথা দেশ-বিদেশত থাকি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ অৰিহণা যোগাইছে । কিন্তু সেইসকলৰ বহুতে এতিয়াও উপযুক্ত স্বীকৃতি পোৱা নাই। আশা কৰিছোঁ , অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ অৰিহণা আগবঢ়াই থকা সকলোকে যথা যোগ্য সন্মান যাচিবলে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠন আদি আগবাঢ়ি আহিব । তেতিয়া সেইসকল যুৱক-যুৱতীয়ে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ আগবাঢ়ি আহিব । যুৱক-যুৱতীসকলক ভাল কামবোৰৰ প্রতি আকৰ্ষিত কৰিব পাৰিলেহে এখন সুস্থ সমাজৰ কথা ভাবিব পাৰি ।

ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত যুৱ সংগঠবোৰে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে । যুৱ সংগঠনবোৰে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰিব লাগে । কৰ্মশালাৰ জৰিয়তে ছাত্র-ছাত্রীসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰৰ আভাষ দিব লাগে । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পছন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । তদুপৰি ,নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই । গতিকে, অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবৰ বাবে যাবলৈ বাধ্য হয় । কিন্তু, ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়াৰ সুবিধা আছে । উদাহৰণস্বৰূপে – ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.)গুৱাহাটীত যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত বিষত স্নাতকোত্তৰ কৰিব পৰা উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই কথা বহুতে নাজানে । যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়(www.education.nic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ),নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org) ,দূৰ শিক্ষা পৰিষদ(www.dec.ac.in),ভাৰতীয় নাৰ্ছিং পৰিষদ(http://www.indiannursingcouncil.org), ভাৰতীয় বাৰ পৰিষদ (www.barcouncilofindia.org ) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । এই ধৰণৰ কথাবোৰ যুৱ সংগঠনবোৰে কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰি ছাত্র-ছাত্রীসকলক জনাব লাগে।

লক্ষ্যণীয় বিষয় যে, শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী,স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে । তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব । চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে,কেৰিয়াৰৰ ক্ষেত্রত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে । কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে,কোনোবাজন হয়তো কৰ্মস্থলীকলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি । ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় । তদুপৰি,ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব । উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে। চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে । চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ ।চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে । সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ ।

আকৌ, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথা সোধে । এতিয়া কথা হ’ল সাধাৰণ জ্ঞান একে দিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্য পুথিৰ জ্ঞানবোৰ ভালদৰে আহৰণ কৰিব লাগিব । লগতে বিভিন্ন বিষয় যেনে-ভূগোল,বিজ্ঞান,ৰাজনীতি,সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব। এইবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰ সহায় লব পাৰে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। গতিকে , এই কথাবোৰ যুৱ সংগঠনবোৰে কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰি ছাত্র-ছাত্রীসকলক ভালদৰে বুজাই দিলে ভাল হয় ।

বিভিন্ন যুৱ সংগঠনবোৰে মাজে মাজে এটা দাবী উপস্থাপন কৰা দেখা যায় যে অসমত থকা সমূহ কেন্দ্রীয়-অৰ্দ্ধকেন্দ্রীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানত ১০০ শতাংশ থলুৱাৰ বাবে সংস্থাপন বাধ্যতামূলক কৰিব লাগে । আমি ভাবোঁ এনে ধৰণৰ দাবী উপস্থাপন কৰা সলনি অসমত থকা সমূহ কেন্দ্রীয়-অৰ্দ্ধকেন্দ্রীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ নিযুক্তিৰ ক্ষেত্রত সময়ে সময়ে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাসমূহত অসমৰ থলুৱা প্রাৰ্থীসকলৰ যাতে ১০০ শতাংশ উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে বিভিন্ন যুৱ সংগঠনবোৰে প্রশিক্ষণৰ ব্যৱস্থা কৰিলেহে ভাল হয় । যিহেতু এনেধৰণ ১০০ শতাংশ থলুৱাৰ নিযুক্তিৰ দাবী যদি বেলেগ ৰাজ্যতো কাৰ্যকৰী হয় তেন্তে অসমৰ প্রাৰ্থীসকলেও বেলেগ ৰাজ্যত নিযুক্তি নাপাব । তাৰ ফলত এক ডাঙৰ সমস্যা সৃষ্টি হ’ব, যিহেতু অসমত বেলেগ ৰাজ্যৰ তুলনাত নিয়োগৰ সুবিধা কম আছে ।

যিসকলে আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰি সমাজৰ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা যোগাইছে , সেইসকলক যুৱ সংগঠনবোৰে নিজ নিজ অঞ্চললৈ আমন্ত্রণ কৰি ছাত্র-ছাত্রীৰ লগত অন্তৰংগ আলাপ আয়োজন কৰিলে ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱা লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহিব । আশা কৰিছোঁ , যুৱ সংগঠনবোৰে এনেধৰণৰ অন্তৰংগ আলাপ আয়োজন কৰিব।

সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীৰ কিছুমান হ’বী (hobby)থাকে । কিন্তু এই হ’বীবোৰ কিছুমান ছাত্র-ছাত্রীয়ে নৱম/দশম শ্রেণী পালে পঢ়া-শুনা ক্ষতি হ’ব বুলি নিজে অথবা অভিভাৱক সকলৰ বাধাৰ বাবে এৰি দিবলৈ বাধ্য হয় । ছাত্র-ছাত্রীসকলে পঢ়া-শুনাত প্রধান গুৰুত্ব দি নিজৰ নিজৰ হ’বীবোৰ চলাই নিয়া উচিত । কিয়নো হ’বীবোৰে ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কাৰোবাৰ বাবে হয়তো হ’বী গৈ এদিন কেৰিয়াৰও হ’ব পাৰে। এই কথাটিও যুৱ সংগঠনবোৰে কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰি ছাত্র-ছাত্রীসকলক ভালদৰে বুজাই দিলে ভাল হয় ।

চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয় । কিন্তু , চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি । এই বিষয়ে যুৱ সংগঠনবোৰে ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়েও বিতংকৈ জনাব লাগে । চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি । বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু ,বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান্ৱিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।

বিভিন্নধৰণৰ চাকৰিৰ খবৰ সংগ্রহ কৰিব পৰা এটা ৱেবচাইট হ’ল “চাকৰি (www.sakori.org)” । “চাকৰি”ত স্থানীয় সংবাদপত্রত প্রকাশিত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপন আৰু বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশিত নিয়োগ বাৰ্তাসমূহ একত্রিত কৰি উপলব্ধ কৰা হয়।

ড° বুলজিৎ বুঢ়াগোহাঁই

সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ, জি.আই.এম.টি. , গুৱাহাটী,
পিন -৭৮১০১৭,অসম।
ফোন: ০৯৪৩৫১৮৮৬৩০, ই-মেইল: buljit@gmail.com

বি.দ্র. : কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) কৰিব পাৰে৷

comments

Show More
Close