ফেচবুকত সচেতন চিন্তা

ত্ৰিপুৰাত মাণিক সৰকাৰৰ উডলেণ্ড জোতা বনাম নৰেন্দ্ৰ মোডীৰ লাখ টকীয়া কোট

ৰিতু ৰন্জন দাসঃ বিজে পি দলৰ ছাত্ৰ শাখা এ বি ভি পি ৰ কামৰূপ মহানগৰ জিলাৰ যুতীয়া সম্পাদক জনে ভূৱা নামভৰ্তি কৰি কোকৰাঝাৰৰ দুজন ছাত্ৰৰ পৰা ৭০হাজাৰ টকা আত্মসাৎ কৰাৰ অপৰাধত এতিয়া ৰঙাঘৰৰ আলহী। বি জে পি ৰ পূৰ্বৰ সভাপতি বাঙ্গাৰু লক্ষ্মণে ঘোচ লৈ হাতে-লোতে ধৰা পৰি পদত্যাগ কৰিবলগীয়া হৈছিল। আৰ এছ এছ ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুজন প্ৰধান নেতাই যৌন কেলেংকাৰীত অভিযুক্ত হৈ এজনে ৰাজ্যপাল পদৰ পৰা আঁ‌তৰিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে এদিনতে দুই তিনিবাৰ পোচাক সলনি কৰাই নহয় ১০ লাখ টকীয়া কোট পিন্ধি চমক দিছে। সেই দলটোৰে ৰাষ্ট্ৰীয় নেতা তথা ত্ৰিপুৰাৰ পৰ্যবেক্ষক সুনিল দেওধৰে কৈছে যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰে এক বিলাসী জীৱন কটায়। মাণিক সৰকাৰে দুই এদিনৰ মূৰে মূৰে জোটা, কাপোৰ আৰু চশমা সলায় ।। তেওঁ দিল্লীলৈ আহি হেনো বিষয়াসকলক বজাৰলৈ পঠিয়াই উডলেণ্ড, বাটা আদি শ্বৰূম সমূহলৈ পথিয়াই জোটা-কাপোৰ কিনি আনে।মাণিক সৰকাৰে হেনো স্বজন -তোষণ কৰি সম্পৰ্কীয়কহে চৰকাৰি চাকৰি দিছে। আমাৰ সাৰদা, লুইজ বাৰ্জাৰ, জীৱন সুৰক্ষা আদি কেলেংকাৰিত জৰিত বুলি অভিযুক্ত জনে ত্ৰিপুৰাত বৃহৎ দুৰ্নীতি হৈছে বুলি বহুমূলীয়া ভাষণ দি আহিছে।
এই ভণ্ড দেশ প্ৰেমিক সকলে জানি শুনিয়ে মিছা প্ৰচাৰত নামি পৰিছে আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী জনৰ অতি সহজ-সৰল জীৱন- যাপনক আৰল কৰিব বিচাৰিছে। মাণিক চৰকাৰে নিজৰ কাপোৰ নিজেই ধুই লয়। নিজৰ চৰকাৰী গাড়ী পত্নীয়ে কেতিয়াও ব্যৱহাৰ নকৰে। ৰাজ্যত শিক্ষাৰ ক্ষেত্ৰত প্ৰথম। বিদ্যুৎ উৎপাদনত নিজে স্বাবলম্বী অন্য ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰ্কো বিদ্যুৎ বিক্ৰী কৰিছে। সু-শাসন নিশ্চিত কৰি দেশৰ ভিতৰতে গৰিব আৰু সু-শাসন দিব পৰা মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি পাইছে। জনজাতী-অজনজাতিৰ মাজত সমন্নয় স্থাপন কৰি সম্প্ৰীতিৰ নজিৰ সৃষ্টি কৰিছ। বি জে পিয়ে এতিয়া মিছা আৰু ভিত্তিহীন কথাৰে দেশৰ জনতাক বিভ্ৰান্ত কৰি ত্ৰিপুৰাত শাসন ক্ষমতা দখলৰ দ্বিবা স্বপ্ন দেখিছে। কিন্তু এটা কথা সত্য যে সোণক যিমানে পোৰা হয় সিমানে জিলিকীহে উঠে। বাওঁ‌পন্থীৰ অস্তিত্ব নোহোৱা বুলি দাবী কৰা বি জে পি মন্ত্ৰীৰ টি ভি চেনেল-বাতৰি কাকতত আজি কালি দেখুন ত্ৰিপুৰা তথ বাওঁ‌পন্থীৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰকাশ পায়।
কিছুদিন আগতে পৃথক ৰাজ্য দাবী কৰা সংগঠনক আৰ এছ এছ-বি জে পিয়ে উচতনি দি ৰাষ্ট্ৰীয় পথ আৰু ৰেইল পথ অৱৰোধ কৰিলে। মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিলে কিন্তু ত্ৰিপুৰাৰ সচেতন জনতাৰ মাজত বি জে পিৰ এই কৌশলে কাম নিদিলে; গতিকে আত্মবিশ্বাসহীন বি জে পিয়ে এতিয়া মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ উজ্বল ভাবমূৰ্তিত কালিমা সানিবলৈ চেষ্টা কৰিছে। নিলাজ এই দেশ সেৱকসকলে নিজৰ কু-কৰ্মৰ বাবে নিজেই এদিন মূল্য দিব লাগিব।

comments

Show More
Close