ৰাজনীতি

বিজেপিৰ মিথ্যচাৰ ফাদিল অখিল গগৈৰ

ব্ৰহ্মপুত্ৰ খননৰ ভংয়কৰ ব্লুপ্ৰিণ্ট বিজেপি চৰকাৰৰ:অখিল, সৰ্বানন্দ সোনোৱাক চিৰকালৰ মিছলীয়া মুখ্যমন্ত্ৰী:অখিল গগৈ

‘চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ আঁচনিৰ জৰিয়তে বান সমস্যা সমাধানৰ পৰিকল্পনা নাই, অৰুণাচলত নিৰ্মিত বৃহৎ নদীবান্ধৰ নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ স্বাৰ্থতহে পৰিকল্পনা, নমামী ব্ৰহ্মপুত্ৰৰ সময়তে স্বাক্ষৰিত হৈছিল ব্ৰহ্মপুত্ৰ খননৰ ত্ৰিপাক্ষিক চুক্তিখন।’এই মন্তব্য কৃষক নেতা অখিল গগৈৰ|মহানগৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিতসংবাদ মেলত ব্ৰহ্মপুত্ৰ খননক লৈ এই মন্তব্য প্ৰদান কৰে কৃষক নেতা নেতা অখিল গগৈয়ে|সংবাদমেলত চুক্তিখন ৰাজহুৱা কৰি গগৈয়ে কয় যে,‘বানপানী নিয়ন্ত্ৰণৰ বাবে নহয় কেৱল জলপথ নিৰ্মাণৰ বাবেহে হ’ব ব্ৰহ্মপুত্ৰৰ খনন কৰিছে বিজেপি চৰকাৰ খনে|এই চুক্তিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ লুণ্ঠনৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰ্প্ৰচনা কৰিছে|প্ৰকৃতাৰ্থত খননৰ সামগ্ৰী ব্যৱহাৰৰ বাবেহে ত্ৰিপাক্ষিক চুক্তি চুক্তি খন কৰিছে| পুনৰায় গগৈয়ে চুক্তি খনৰ ৰহস্য ফাদিল কৰি কয় যে,নদী সংযোগৰ জৰিয়তে আমাৰ পৰা পানী কাঢ়ি নিব বিচৰাৰ দৰেই ব্ৰহ্মপুত্ৰ খননৰ জৰিয়তে শিল, গেদ আৰু খনিজ পদাৰ্থ কাঢ়ি নিব বিচাৰিছে, ব্ৰহ্মপুত্ৰ খনন অসমীয়া জাতিক বচাবলৈ নহয়, আমাৰ হাতৰ পৰা শেষ সম্পদটো কাঢ়ি নিয়াৰ ব্লুপ্ৰিণ্ট’ ৰচনা কৰিছে চৰকাৰ খনে| ‘এক্সপ্ৰেছ হাইৱেৰ কথা তিলমানো উল্লেখ নাই চুক্তিত, অসম চৰকাৰে সংগোপনে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰীয় চৰকাৰক গতাব বিচাৰিছে|ইফালে বিজেপি চৰকাৰক অসম বাসীৰ চিৰকালৰ শত্ৰু আখ্যা দি গগৈয়ে পুনৰাই কয়,এই চুক্তি হৈছে চৰকাৰৰ ঐতিহাসিক বিশ্বাসঘাটকতাৰ চুক্তি |সৰ্বানন্দ সনোৱাল হল অসমৰ চিৰকালৰ মিছলীয়া মুখ্যমন্ত্ৰী|সৰ্বা চন্দ্ৰ হিমন্তই অসম খন লুটিব ধৰিছে|

comments

Show More

Related Articles

Close